FRIST LOVE ফুলৰ যতন

FRIST LOVE ফুলৰ যতন



Frist love ফুলজোপাৰ নামটোৱেই খুউব আকৰ্ষণীয়।কিন্ত Frist love বুলি কলে আমাৰ মনলৈ যিটো ভাব আহে সেই ভাবটোতকৈ মাক আৰু সন্তানৰ মাজৰ যি প্ৰেম, সেই প্ৰেমৰ ধাৰণাৰেহে ফুল জোপাৰ নাম Frist love বুলি নামকৰণ কৰা হৈছে যেন অনুমান হয়।কাৰণ সন্তানৰ প্ৰথম প্ৰেম মাকৰ লগতেই হয়।
Frist love ফুলজোপাৰ ফুলবোৰ বৰ ডাঙৰ নহয় যদিও ফুলবোৰ বৰ ঘন হয় আৰু থোপা থোপাকৈ ফুলে বাবেই দেখিবলৈ বৰ সুন্দৰ হয়।প্ৰথম ফুলাৰ পৰা ৭ দিনৰ পৰা ১০ দিন পৰ্যন্ত এই ফুল ফুলি থাকে।
ৰঙা আৰু পাতল হালধীয়া দুয়োটা ৰঙতে Frist love পোৱা যায়।


FRIST LOVE ফুলৰ যতন:
             Frist love ফুলক Mother Plant বুলিও কোৱা হয়।যি দৰে এগৰাকী মাকে সন্তানৰ পৰা অলপ মাত্ৰ মৰম পালেই সুখী হয়, থিক তেনেদৰেই এই ফুলজোপাকো অকণমান যত্ন ললেই ফুলেৰে ভৰি পৰে।ৰদতো এই ফুল ফুলে যদিও কম দিনৰ ভিতৰতে মৰহি যায়।গতিকে ইয়াক এনেকুৱা ঠাইত ৰোপন কৰিব লাগে যাতে ৰাতিপুৱাৰ কোমল ৰদকণহে পায়, তাতকৈ বেছি নহয়।
      টাবত ফুলজোপা ৰুবৰ বাবে সাধাৰণ মাটিৰ লগতে অলপ মান বালি মিহলি কৰি ললে ভাল হয়,তেতিয়া বহু সময়লৈকে পানী জমা হৈ নাথাকে।লগতে মন কৰিব লাগে যাতে টাবৰ বিন্ধাটো সহজে পানী সৰকি যাব পৰাকৈ পৰিস্কাৰ হৈ থাকে।বাৰিষা যিহেতু বৰষুণৰ পৰিমান বেছি হয়, সেইকাৰণে সেইটো সময়ত টাবৰ মাটি খুচৰিবৰ বাবে ব্যৱহাৰ কৰা সঁজুলিত কাঁইট জাতীয় কিবা সামগ্ৰী লগাই লব লাগে।যাতে মাটিখিনি ভালদৰে গুৰি হয় আৰু বৰষুণৰ পানী জমা নোহোৱাকৈ সহজে সৰকি যায়।Fertilizer হিচাপে শুকান গোবৰ উত্তম। যদি প্ৰথম ৰোৱাৰ পাছত দুমাহমান নুফুলাকৈ থাকে তথাপি গছজোপা ঠাণ্ডা হৈ থাকিবৰ বাবে তাৰ পাতবোৰ পানীৰে সদায় তিয়াই থাকিব লাগে।
       সাধাৰণেত জুন/জুলাই লৈকে Frist love ফুল ফুলি থাকে। তাৰ পাছত যেতিয়া ফুল ফুলিবলৈ কমি যাব,তেতিয়াই কাটিং কৰি দিব লাগে।তেনে কৰিলে ফুলজোপাৰ স্বাস্থ্যও ভাল হব আৰু এজোপাৰ পৰাই কেইবাজোপাও Frist love পোৱা যাব।  

Post a Comment

Copyright © Test 1 . Designed by OddThemes